কোনোবা নহয় কোনোবাতো মৰিবই লাগিব!
Ø মূল: এলবাৰ্টো ম’ৰাভিয়া Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা
সি ছোৱালীজনীলৈ আকৌ এবাৰ চালে। ছোৱালীজনীৰ মুখখন ৰুমালেৰে
বান্ধি থোৱা আছিল আৰু তাইৰ চকুত দেখা গৈছিল ভয়াৰ্ত চাৱনি। তাইৰ দুয়োখন হাত পিঠিৰ
ফালে নি বান্ধি থোৱা আছিল। এই অৱস্থাত তাইক দেখিবলৈ তাৰ মুঠেই ভাল নালাগিল।
সাধাৰণতে ছোৱালীবোৰক সি বৰ ভাল পায়, কিন্তু তেতিয়া নহয়, যেতিয়া সি পুলিচৰ পৰা পলাই
ফুৰিব লগীয়া হয়। কিছু বিৰক্ত হৈ সি তাৰ লগৰটোক ক’লে, “মই ভাবোঁ এই ছোৱালীজনীক এৰি দিয়া উচিত। তাইৰ গাড়ীখন লৈ লওঁ, নে কি কোৱা?”
সিহঁতে যিখন গাড়ী চুৰি কৰি পলাইছিল, সেইখন আদবাটতে নচলা হৈ
পৰিছিল আৰু তেতিয়াই গাড়ীখনৰ মালিকনীয়ে, অৰ্থাৎ এই মুহূৰ্তত সিহঁতৰ হাতত বন্দী হৈ
থকা ছোৱালীজনীয়ে সিহঁত দুয়োকে গবা মাৰি ধৰিছিলহি। তাৰ সংগীয়ে তাক ক’লে, “ইমান উদাৰ হোৱাৰ কোনো দৰকাৰ নাই। অলপ মাথা খটুৱাই কাম কৰাৰ
চেষ্টা কৰ। যদি আমি এইজনীক বান্ধি নাৰাখিলোঁহেঁতেন, তেন্তে তাই পুলিচৰ ওচৰ
পালেগৈহেঁতেন আমাৰ বিষয়ে আৰু গাড়ীখনৰ বিষয়ে জনাবলৈ। পুলিচে এতিয়া কেৱল এইবুলিয়েই
জানে যে দৰমহাৰ ধন চুৰি কৰিবলৈ যিখন গাড়ী ব্যৱহাৰ কৰা হৈছিল, সেইখন আছিল এখন চুৰি
গাড়ী। আমিনো কিয় পুলিচৰ কাম সহজ কৰি দিওঁ?”
যিটো চোৰে ছোৱালীজনীক এৰি দিয়াৰ কথা তাৰ সংগীক কৈছিল, সি ইতিমধ্যে
তাইক ভয় কৰিবলৈ আৰম্ভ কৰিছিল। তাই ইতিমধ্যে সিহঁতৰ বিষয়ে বহু গোপন কথা গম পাইছে।
তাইক হত্যা কৰি পেলোৱাই উচিত হ’ব।
ছোৱালীজনীৰ গাড়ীখন জোপোহানি এটাৰ মাজত লুকুৱাই থোৱা আছিল।
সি গাড়ীখনৰ ডিকি খুলি এডাল টায়াৰ লিভাৰ উলিয়াই আনিলে। সেইডাল লৈ সি সেইখিনি ঠাই
পালেগৈ, য’ত সিহঁতে ছোৱালীজনীক বান্ধি থৈছিল।
ছোৱালীজনীক থিয় কৰাই সি ক’লে, “মৰিবলৈ সাজু হোৱা। তুমি যদি বাচি
থাকা, তেন্তে আমি মৰিব লাগিব।”
“মোকনো কিয় মাৰা? ময়ো সেই একেটা কামেই কৰোঁ, যিটো
তুমি কৰা। আমি দুয়ো একে লাইনৰে মানুহ। আৰু গাড়ীখনো মোৰ নিজৰ নহয়। অৱশ্যে
কেইমাহমান আগতে এই গাড়ীখন মোৰ নামতে ৰেজিষ্টাৰ কৰাই লৈছিলোঁ। তোমাৰ বন্ধুৰ পকেটত
থকা সেই ধনখিনি লৈ আমি দুয়ো নিৰ্ভয়ে য’লৈকে ইচ্ছা তালৈ যাব পাৰোঁ। আমাৰ দুয়োৰে পাৰ্টনাৰশ্বিপ কেনে হ’ব?” ছোৱালীজনীৰ চেহেৰাত দেখা গৈছিল মাদকতা আৰু তাইৰ চকুত এই
মুহূৰ্তত আছিল এক আচৰিত আকৰ্ষণী শক্তি।
“বঢ়িয়া হ’ব!” চোৰটোৰ চেহেৰা জিলিকি উঠিল আৰু “ৰ’বা, মই আহি আছোঁ” বুলি কৈয়েই সি কোঠাটোৰ পৰা ওলাই গ’ল।
ঘৰটোৰ আন এটা কোঠাত তাৰ সংগীয়ে হাত-ভৰি মেলি দি আৰাম কৰি
আছিল। সি হাতত সাৰে ভৰিত সাৰে ওচৰ চাপি টায়াৰ লিভাৰডালেৰে তাৰ সংগীৰ পিঠিত এটা
পূৰ্ণহতীয়া কোব শোধালে। একেটা কোবতে সিটো চোৰ সিফলীয়া হ’ল। সি উভতি আহি ছোৱালীজনীক ক’লে, “মই মোৰ বন্ধুক মাৰি পেলালোঁ। এতিয়া য’লৈকে ইচ্ছা তালৈ যাব পৰাকৈ, যি ইচ্ছা তাকে কৰিব পৰাকৈ আমি
দুয়ো মুক্ত।”
“কোনোবা নহয় কোনোবাতো মৰিবই লাগিব!” ছোৱালীজনীয়ে ক’লে, “এতিয়া মোৰ বান্ধ খুলি দিয়া। ইয়াৰ পৰা সোনকালে পলাই যাওঁ ব’লা।”
Comments
Post a Comment