জামুগছ

 

Ø মূল: কৃষণ চন্দৰ Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা


ৰাতি প্ৰচণ্ড ধুমুহা আহিছিল। ছেক্ৰেটেৰিয়েটৰ লনত থকা এজোপা জামুগছ সেই ধুমুহাতে উভালি পৰিল। পুৱা যেতিয়া মালীয়ে গছজোপা চাবলৈ , তেওঁ দেখা পালে যে উভালি পৰা গছজোপাৰ তলত এজন মানুহ চেপা খাই পৰি আছে।

মালীয়ে দৌৰাদৌৰিকৈ গৈ চাপ্ৰাচীক কথাটো জনালেগৈ, চাপ্ৰাচীয়ে দৌৰাদৌৰিকৈ ক্লাৰ্কৰ ওচৰলৈ , ক্লাৰ্কে দৌৰাদৌৰিকৈ ছুপাৰিণ্টেণ্ডেণ্টৰ কাষ পালেগৈ, ছুপাৰিণ্টেণ্ডেণ্ট দৌৰাদৌৰিকৈ আহি লন পালেহি। উভালি পৰা গছজোপাৰ তলত চেপা খাই পৰি থকা মানুহজনৰ চৌপাশে কেইমিনিটমানৰ ভিতৰতে বহু লোকে ভিৰ কৰিলেহি।

‘‘বেচেৰা জামুগছজোপা! কিমান যে ফল দিছিল!’’ এজন ক্লাৰ্কে লে।

‘‘আৰু ইয়াৰ জামুবোৰ কিমান যে ৰসাল আছিল!’’ দ্বিতীয়জন ক্লাৰ্কে সুঁৱৰিলে।

‘‘মই ফলৰ বতৰত মোনা ভৰাই লৈ গৈছিলোঁ, মোৰ ৰা-ছোৱালীকেইটাই ইয়াৰ জামু খাই কিমান যে ভাল পাইছিল!’’ তৃতীয়জন ক্লাৰ্কে কন্দনামুৱা হৈ লে।

‘‘কিন্তু এই মানুহজন?’’ মালীয়ে গছৰ তলত চেপা খাই পৰি থকা মানুহজনলৈ আঙুলিয়াই সুধিলে।

‘‘, এই মানুহজন।’’ গভীৰ চিন্তাত ডুব ছুপাৰিণ্টেণ্ডেণ্ট।

‘‘নাজানো বাচি আছে নে মৰিল!’’ এজন চাপ্ৰাচীয়ে লে।

‘‘মৰিল চাগৈ, ইমান গধুৰ গছজোপা যাৰ পিঠিত পৰিল তেওঁ কিদৰে বাচি থাকিব?’’ দ্বিতীয়জন চাপ্ৰাচীয়ে লে।

‘‘নাই নাই, মই বাচি আছোঁ!’’ চেপা খাই পৰি থকা মানুহজনে যথেষ্ট কষ্টৰে কেঁকাই কেঁকাই লে।

‘‘বাচি আছে!’’ এজন ক্লাৰ্কে আচৰিত হোৱাৰ সুৰেৰে কৈ উঠিল।

‘‘গছজোপা আঁতৰাই এওঁক সোনকালে উলিয়াই অনা উচিত।’’ মালীয়ে পৰামৰ্শ দিলে।

‘‘কামটো বহুত কঠিন যেন লাগিছে,’’ দেখাত এলেহুৱা, কামচোৰ যেন লগা মেদবহুল চাপ্ৰাচী এজনে লে, ‘‘গছজোপাৰ গাগছখিনি বহুত ভাৰী যেন লাগিছে।’’

‘‘কিনো কঠিন কাম?’’ মালীজনে লে, ‘‘যদি ছুপাৰিণ্টেণ্ডেণ্ট চাহাবে হুকুম কৰে, তেনেহলে এতিয়াই পোন্ধৰ-বিছজন মালী, চাপ্ৰাচী আৰু ক্লাৰ্ক লগ হৈ গছজোপাৰ তলত চেপা খাই থকা মানুহজনক উলিয়াব পৰা যাব।’’

‘‘মালীয়ে ঠিকেই কৈছে,’’ একেলগে কেইবাজনো ক্লাৰ্কে কৈ উঠিল, ‘‘জোৰ লগোৱা, আমি সাজু।’’

একেলগে ভালেমান লোক গছজোপা আঁতৰাবলৈ সাজু হৈ উঠিল।

‘‘বা!’’ ছুপাৰিণ্টেণ্ডেণ্টে লে, ‘‘মই আণ্ডাৰ ছেক্ৰেটাৰীক সুধি আহোঁ।’’

ছুপাৰিণ্টেণ্ডেণ্ট গৈ আণ্ডাৰ ছেক্ৰেটাৰীৰ ওচৰ পালেগৈ। আণ্ডাৰ ছেক্ৰেটাৰী ডেপুটী ছেক্ৰেটাৰীৰ ওচৰলৈ। ডেপুটী ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰীৰ ওচৰলৈ। জইণ্ট ছেক্ৰেটাৰীয়ে চীফ ছেক্ৰেটাৰীক লগ ধৰিলেগৈ। চীফ ছেক্ৰেটাৰী মিনিষ্টাৰৰ ওচৰলৈ ল। মিনিষ্টাৰে চীফ ছেক্ৰেটাৰীক কিবা এটা লে। চীফ ছেক্ৰেটাৰীয়ে জইণ্ট ছেক্ৰেটাৰীক কিবা লে। জইণ্ট ছেক্ৰেটাৰীয়ে কথাখিনি লে ডেপুটী ছেক্ৰেটাৰীক। ডেপুটী ছেক্ৰেটাৰীয়ে আণ্ডাৰ ছেক্ৰেটাৰীক কথাখিনি লে। ফাইল ঘূৰি থাকিল। এইবোৰ কৰি থাকোঁতেই আধা দিন ল।

দুপৰীয়াৰ আহাৰৰ সময়ত গছৰ তলত চেপা খাই পৰি থকা লোকজনৰ চৌপাশে ভিৰ আৰু বহু বাঢ়ি ল। মানুহখিনিয়ে নিজৰ মাজতে ভিন ভিন ধৰণে আলোচনা কৰিবলৈ ধৰিলে। কেইজনমান অত্যুৎসাহী ক্লাৰ্কে এই সমস্যাটো নিজেই সমাধানৰ মন মেলিলে। প্ৰশাসনৰ সিদ্ধান্তলৈ অপেক্ষা নকৰি তেওঁলোকে নিজেই বাগৰি পৰা গছজোপা আঁতৰোৱাৰ সিদ্ধান্ত লৈছিলেই, এনেতে ছুপাৰিণ্টেণ্ডেণ্টে হাতত এটা ফাইল লৈ দৌৰি দৌৰি আহিল। আহিয়েই তেওঁ বলৈ ধৰিলে, ‘‘আমি নিজে এই গছজোপা আঁতৰাব নোৱাৰোঁ। আমি লোঁ বাণিজ্য বিভাগৰ মানুহ, আৰু এই গছজোপাৰ সমস্যা এয়ে যে কৃষি বিভাগৰ অধীনৰ। মই এই ফাইলটো আৰ্জেণ্ট মাৰ্ক কৰি কৃষি বিভাগলৈ পঠিয়াই দিম। তাৰ পৰা উত্তৰ অহাৰ লগে লগে এই গছজোপা আঁতৰাই দিয়া ব।’’

পিছদিনা কৃষি বিভাগৰ পৰা এইবুলি উত্তৰ আহিল যে যিহেতু গছজোপা বাণিজ্য বিভাগৰ লনত বাগৰি পৰিছে, সেয়ে সেইজোপা আঁতৰাই নিয়া-নিনিয়াৰ সিদ্ধান্ত লাগিব বাণিজ্য বিভাগেই।

এই উত্তৰ পঢ়ি বাণিজ্য বিভাগৰ খং উঠিল। বিভাগে তৎক্ষণাত এইবুলি লিখি পঠিয়ালে যে গছজোপা আঁতৰাই নিয়া-নিনিয়াৰ দায়িত্ব কৃষি বিভাগৰ ওপৰতেই পৰে, বাণিজ্য বিভাগৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই।

দ্বিতীয়দিনাও ফাইলটো ঘূৰি থাকিল। সন্ধিয়া উত্তৰ আহিল আমি এই বিষয়টো হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টলৈ পঠাবলৈ সিদ্ধান্ত লৈছোঁ, কিয়নো এবিধ ফলৰ গছক লৈ সৃষ্টি হোৱা বিষয়। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কেৱল শস্য আৰু খেতি-খোলাৰ বিষয়বোৰতহে সিদ্ধান্ত পাৰে। জামুগছ যিহেতু এবিধ ফলৰ গছ, সেয়ে এই গছজোপা হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ অধীনতহে পৰে।

ৰাতি মালীয়ে গছৰ তলত চেপা খাই পৰি থকা মানুহজনক দাইল-ভাত খুৱালে। সেই সময়ত মানুহজনৰ চৌপাশে পহৰা দি আছিল এদল পুলিচে, যাতে কোনোৱেই আইন নিজৰ হাতত তুলি লৈ গছজোপা নিজে আঁতৰাবলৈ চেষ্টা কৰিব নোৱাৰে। ভাগ্যক্ৰমে এজন পুলিচ কনিষ্টবলৰ মনত দয়া উপজিল আৰু গছে হেঁচা মাৰি ধৰি থকা মানুহজনক ভাত খুৱাবলৈ মালীজনক অনুমতি দিলে।

মালীয়ে চেপা খাই পৰি থকা মানুহজনক লে, ‘‘তোমাৰ ফাইলটো ঘূৰি আছে, আশা কৰিছোঁ কাইলৈৰ ভিতৰত কিবা এটা ফয়চলা হৈ যাব।’’

চেপা খাই পৰি থকা মানুহজনে একো নকলে।

মালীয়ে পৰি থকা গছজোপা কিছুসময় ভালদৰে চাই লে, ‘‘ভাগ্য ভাল যে গছজোপা তোমাৰ কঁকালৰ তলত পৰিল, কঁকালত পৰা লে ৰাজহাড় ভাগি লহেঁতেন।’’

চেপা খাই পৰি থকা মানুহজনে এইবাৰো একো নকলে।

মালীয়ে আকৌ লে, ‘‘তোমাৰ যদি কোনোবা ঘৰৰ মানুহ আছে, তেনেহলে মোক ঠিকনাটো দিয়া। মই খবৰ দিবলৈ চেষ্টা কৰিম।’’

‘‘মোৰ কোনো নাই,’’ চেপা খাই পৰি থকা মানুহজনে যথেষ্ট কষ্টৰে লে।

মালীয়ে দুখ প্ৰকাশ কৰি তাৰ পৰা গুচি ল।

তৃতীয়দিনা হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা উত্তৰ আহিল। অত্যন্ত কঠোৰ আৰু তীব্ৰ ব্যংগাত্মক আছিল সেই উত্তৰ!

হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীৰ উত্তৰৰ ধৰণ দেখি এনে লাগিল, মানুহজন সাহিত্যপ্ৰেমী। তেওঁ লিখিছিল এইবুলি, ‘‘আচৰিত কথা, যি সময়ত আমি বৃক্ষৰোপণ স্কীম অতি উচ্চ পৰ্যায়ত চলাই আছোঁ, সেই সময়তে আমাৰ দেশত এনে চৰকাৰী অফিচাৰো আছে, যিয়ে গছ কটাৰ পৰামৰ্শ দিয়ে, তাকো এজোপা ফলৰ গছ কটাৰ, তাকো জামুগছৰ, যাৰ ফল জনতাই অতি হেঁপাহেৰে খায়! আমাৰ বিভাগে কোনো কাৰণতেই এই ফলৱতী বৃক্ষজোপা কটাৰ অনুমতি দিব নোৱাৰে।’’

‘‘এতিয়া কি কৰা যায়?’’ এজন আগৰণুৱা ধৰণৰ মানুহে লে, ‘‘যদি গছজোপা কাটিব নোৱাৰি, তেন্তে এই মানুহজনকে কাটি উলিওৱা হওক।’’

‘‘এইফালে চাওক,’’ সেই মানুহজনে এইবাৰ আঙুলিয়াই দেখুৱাই লে, ‘‘যদি এই মানুহজনক ঠিক সোঁমাজেৰে, মানে কঁকালতে কাটি দিয়া হয়, তেতিয়াহলে মানুহজনৰ আধা ইফালেৰে ওলাব আৰু বাকী আধা সিফালেৰে ওলাব আৰু তেতিয়া গছজোপা নাকাটিলেও ব।’’

‘‘কিন্তু তেনেকৈতো মই মৰিয়েই যাম,’’ চেপা খাই পৰি থকা মানুহজনে আপত্তি জনালে।

‘‘এই কথাটোওতো এওঁ ঠিকেই কৈছে,’’ এজন ক্লাৰ্কে লে।

মানুহজনক দুছেওকৈ কাটি গছৰ তলৰ পৰা উলিয়াই অনাৰ দিহা দিয়া লোকজনে তীব্ৰ বিৰোধিতা কৰিলে, ‘‘আপুনি নাজানে, আজিকালি প্লাষ্টিক ছাৰ্জাৰীয়ে কিমান উন্নতি কৰিছে। মইতো ইয়াকে জানো, যদি এই মানুহজনক সোঁমাজেৰে কাটি উলিয়াই অনা হয়, তেন্তে প্লাষ্টিক ছাৰ্জাৰী কৰি এওঁক কঁকালৰ পৰা পুনৰ জোৰা লগাই দিব পৰা যাব।’’

এইবাৰ ফাইলটো মেডিকেল ডিপাৰ্টমেণ্টলৈ পঠাই দিয়া ল। মেডিকেল ডিপাৰ্টমেণ্টে তৎক্ষণাত একশ্যন লে আৰু ফাইলটো হাতত পৰাৰ পিছদিনাই বিভাগৰ আটাইতকৈ দক্ষ প্লাষ্টিক ছাৰ্জনগৰাকীক পৰ্যবেক্ষণৰ বাবে পঠিয়াই দিলে। ছাৰ্জনে গছৰ তলত চেপা খাই পৰি থকা মানুহজনক ভালদৰে চাই-চিতি, তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈ, ব্লাড প্ৰেছাৰ চাই, নাড়ীৰ গতি চাই, হৃদযন্ত্ৰ আৰু হাঁওফাঁও পৰীক্ষা কৰি এইবুলি ৰিপৰ্ট পঠিয়ালে যে এই মানুহজনৰ প্লাষ্টিক অপাৰেশ্যন নিশ্চয় কৰিব পৰা যাব আৰু অপাৰেশ্যন সফলো , কিন্তু মানুহজন বাচি নাথাকিব।

গতিকে এই সিদ্ধান্তটোও বাতিল কৰা ল৷

ৰাতি মালীয়ে চেপা খাই পৰি থকা মানুহজনৰ মুখত কেইচামুচমান খিচিৰি গুজি দি লে, কথাটো এতিয়া একেবাৰে ওপৰ মহল পাইছেগৈ৷ শুনিবলৈ পাইছোঁ যে কাইলৈ ছেক্ৰেটেৰিয়েটৰ সকলো ছেক্ৰেটাৰীৰ মিটিং ব৷ তাত তোমাৰ কেছটোৰ কথাই পাতিব৷ আশা কৰোঁ সকলো ঠিক হৈ যাব৷

চেপা খাই পৰি থকা মানুহজনে এটি হুমুনিয়াহ কাঢ়ি ক্ষীণ কণ্ঠৰে মিৰ্জা গালিবৰ দুটি পংক্তি আঁওৰালে

মই জানো, মোক উপেক্ষা নকৰা, কিন্তু

ধূলিৰে মিলি যাম মই, তুমি খবৰ পোৱালৈ!

মালীয়ে আচৰিত হৈ মানুহজনৰ ফালে চালে আৰু আশ্চৰ্যচকিত হৈ সুধিলে, তুমি কবি নেকি?

চেপা খাই পৰি থকা মানুহজনে সন্মতিসূচকভাৱে লাহেকৈ মূৰ দুপিয়ালে৷

পিছদিনা মালীয়ে কথাটো চাপ্ৰাচীক লে, চাপ্ৰাচীয়ে ক্লাৰ্কক, ক্লাৰ্কে হেড ক্লাৰ্কক লে৷ মাথোঁ কিছু সময়ৰ ভিতৰতে গোটেই ছেক্ৰেটেৰিয়েটত জনাজনি হৈ যে চেপা খাই পৰি থকা মানুহজন এজন কবি৷ বেছ, ইয়ালৈকেহে যেন মানুহবোৰে অপেক্ষা কৰি আছিল! ইজাকৰ পিছত সিজাক মানুহে কবিজনক চাবলৈ ভিৰ কৰিলেহি৷ ক্ৰমে গোটেই চহৰখনেই কথাটো জানিব পাৰিলে আৰু সন্ধিয়ালৈকে চহৰৰ প্ৰতিটো গলিৰ পৰা দলে দলে কবি আহি সমবেত লহি। ছেক্ৰেটেৰিয়েটৰ লন ভিন ভিন ধাৰাৰ কবিৰে পৰিপূৰ্ণ হৈ পৰিল আৰু চেপা খাই পৰি থকা মানুহজনৰ চৌপাশে কবি সন্মিলনসদৃশ পৰিস্থিতিৰ উদ্ভৱ ল। ছেক্ৰেটেৰিয়েটৰ এনে বহু ক্লাৰ্ক আৰু আণ্ডাৰ ছেক্ৰেটাৰী, যিসকল সাহিত্য আৰু কবিতাৰ অনুৰাগী, আনকি তেওঁলোকো সেই অঘোষিত কবি সন্মিলনতেই ৰৈ ল। কেইজনমান কবিয়ে চেপা খাই পৰি থকা মানুহজনক নিজৰ নিজৰ কবিতা আৰু গীত শুনাবলৈ ধৰিলে। কেইজনমান ক্লাৰ্কে আকৌ মানুহজনক নিজৰ নিজৰ কবিতাৰ সমালোচনা কৰিবলৈও অনুৰোধ কৰিবলৈ ধৰিলে।

যেতিয়া জানিব পৰা যে চেপা খাই পৰি থকা মানুহজন প্ৰকৃততে এজন কবি, তেতিয়া ছেক্ৰেটেৰিয়েটৰ ছাব-কমিটীয়ে এইবুলি সিদ্ধান্ত লে যে যিহেতু চেপা খাই পৰি থকা মানুহজন এজন কবি, সেয়ে এই ফাইলটোৰ সম্পৰ্ক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সৈতেও নহয়, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ সৈতেও নহয়, আচলতে কালচাৰেল ডিপাৰ্টমেণ্টৰ সৈতেহে ইয়াৰ সম্পৰ্ক আছে। কালচাৰেল ডিপাৰ্টমেণ্টক এইবুলি অনুৰোধ কৰা যে যিমান সম্ভৱ সিমান সোনকালে বিষয়টোৰ মীমাংসা কৰি এই দুৰ্ভগীয়া কবিজনক প্ৰকাণ্ড গছজোপাৰ হেঁচাৰ পৰা সকাহ দিব লাগে।

ফাইলটো কালচাৰেল ডিপাৰ্টমেণ্টৰ কেইবাটাও বিভাগৰ মাজেৰে পাৰ হৈ গৈ গৈ অৱশেষত সাহিত্য অকাডেমিৰ ছেক্ৰেটাৰীৰ হাতত পৰিলগৈ। ছেক্ৰেটাৰীয়ে ততাতৈয়াকৈ নিজৰ গাড়ীত উঠি আহি ছেক্ৰেটেৰিয়েট পালেহি আৰু চেপা খাই পৰি থকা মানুহজনৰ ইণ্টাৰভিউ বলৈ ধৰিলে।

‘‘তুমি কবি?’’ তেওঁ সুধিলে।

‘‘হয়,’’ চেপা খাই পৰি থকা মানুহজনে উত্তৰ দিলে।

‘‘তোমাৰ ছদ্মনাম কি?’’

‘‘নিয়ৰ।’’

‘‘নিয়ৰ?’’ ছেক্ৰেটাৰীয়ে একপ্ৰকাৰ চিঞৰিয়েই উঠিল, ‘‘তুমিয়েই সেইজন নিয়ৰ নেকি, যাৰ গদ্য সংগ্ৰহ নিয়ৰৰ ফুল মাথোঁ কিছুদিন আগতে প্ৰকাশ হৈছে?’’

চেপা খাই পৰি থকা মানুহজনে সন্মতিসূচকভাৱে মূৰ দুপিয়ালে।

‘‘তুমি আমাৰ অকাডেমিৰ সদস্য হয়নে?’’ ছেক্ৰেটাৰীয়ে আকৌ সুধিলে।

‘‘নহয়!’’

‘‘আচৰিত কথা,’’ ছেক্ৰেটাৰীয়ে আকৌ চিঞৰি উঠিল, ‘‘ইমান ডাঙৰ এজন কবি, নিয়ৰৰ ফুল লেখক, আৰু আমাৰ অকাডেমিৰ সদস্য নহয়! ইছ ইছ ইছ ইছ! ইমান ডাঙৰ ভুল হৈ আমাৰ, কিমান ডাঙৰ এজন কবি, আৰু কেনেদৰে নামহীনতাৰ আন্ধাৰত চেপা খাই পৰি আছে!’’

‘‘নামহীনতাৰ আন্ধাৰত নহয়, এজোপা গছৰ তলতহে চেপা খাই পৰি আছোঁ। দয়া কৰি মোক এই গছজোপাৰ তলৰ পৰা উলিয়াওক।’’

‘‘এতিয়াই ব্যৱস্থা কৰি আছোঁ,’’ ছেক্ৰেটাৰীয়ে লগে লগে কৈ উঠিল আৰু তৎক্ষণাত নিজৰ ডিপাৰ্টমেণ্টক ৰিপৰ্ট দিলে।

পিছদিনাই ছেক্ৰেটাৰীয়ে দৌৰি দৌৰি আহি কবিৰ ওচৰ পালেহি আৰু লে, ‘‘অভিনন্দন, মিঠাই খুওৱা। আমাৰ চৰকাৰী সাহিত্য অকাডেমিয়ে তোমাক আমাৰ কেন্দ্ৰীয় শাখাৰ মেম্বাৰ মনোনীত কৰিছে। এইখন লোৱা মনোনয়ন পত্ৰ।’’

‘‘কিন্তু প্ৰথমে মোক এই গছজোপাৰ তলৰ পৰাতো উলিয়াওক!’’ চেপা খাই পৰি থকা মানুহজনে কেঁকাই কেঁকাই লে। তেওঁ অত্যন্ত কষ্টৰে উশাহ লৈ আছিল আৰু তেওঁৰ চকু দেখিয়েই বুজিব পৰা গৈছিল যে তেওঁ অসম্ভৱ পীড়া ভোগ কৰি আছে।

‘‘এই কামটোতো আমি কৰিব নোৱাৰিম,’’ ছেক্ৰেটাৰীয়ে লে, ‘‘আমি যি কৰিব পাৰোঁ সেয়াতো কৰিলোঁৱেই। তাৰ উপৰি আমি এইটোও কৰিব পাৰোঁ যে যদি তোমাৰ মৃত্যু হয়, তেন্তে তোমাৰ পত্নীক এটা পেঞ্চন দিব পাৰোঁ। যদি তুমি এটা চহী কৰি দিয়া, তেন্তে আমি সেয়াও কৰি দিম।’’

‘‘মই এতিয়াও জীয়াই আছোঁ,’’ কোনোমতে ৰৈ ৰৈ, সেপ ঢুকি ঢুকি যথেষ্ট কষ্টৰে লে কবিয়ে, ‘‘মোক জীয়াই ৰাখক।’’

‘‘মুস্কিলটো এয়ে যে,’’ চৰকাৰী সাহিত্য অকাডেমিৰ ছেক্ৰেটাৰীয়ে হাত মোহাৰি মোহাৰি লে, ‘‘আমাৰ বিভাগটোৰ সম্পৰ্ক কেৱল কালচাৰৰ সৈতেহে। গছ কটা কামটো কলম-চিঞাহীৰে নহয়, কৰত-কুঠাৰেৰেহে হয়। তাৰ বাবে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ লিখিছোঁ আৰু আৰ্জেণ্ট বুলি লিখি দিছোঁ।’’

সন্ধিয়া মালী আহি চেপা খাই পৰি থকা মানুহজনক জনালে, ‘‘কাইলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি এই গছজোপা কাটি পেলাব আৰু তোমাৰ প্ৰাণ ৰক্ষা পৰিব।’’

কথাখিনি কৈ থাকোঁতে মালীক যথেষ্ট আনন্দিত দেখা গৈছিল। আনফালে চেপা খাই পৰি থকা মানুহজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰিছিল, কিন্তু যেনেকৈয়ে হওক তেওঁ নিজৰ জীৱনৰ কাৰণে মৃত্যুৰে যুদ্ধ চলাই গৈছিল। কাইলৈ, অন্ততঃ কাইলৈ পুৱা পৰ্যন্ত যেনেকৈয়ে হওক তেওঁ জীয়াই থাকিবই লাগিব।

পিছিদনা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে যেতিয়া কৰত-কুঠাৰ লৈ গছজোপা কাটিবলৈ আহিল, তেতিয়া তেওঁলোকক বাধা দিয়া ল। জানিব পৰা যে গছজোপা কাটিব নোৱাৰিব বুলি বিদেশ বিভাগে হুকুম দিছে। তাৰ কাৰণ এয়ে যে এই গছজোপা দহ বছৰ পূৰ্বে পিটোনিয়া ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীয়ে ছেক্ৰেটেৰিয়েটৰ লনত ৰুইছিল। এতিয়া যদিহে গছজোপা কাটি পেলোৱা যায়, তেন্তে পিটোনিয়া চৰকাৰৰ সৈতে আমাৰ সম্বন্ধ চিৰদিনৰ বাবে বিনষ্ট বুলি সংশয় কৰা হৈছে।

‘‘কিন্তু এজন লোকৰ প্ৰাণৰ কথা আছে,’’ এজন ক্লাৰ্কে উচ্চস্বৰে লে।

‘‘আনফালে আকৌ দুখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ কথা আছে,’’ দ্বিতীয়জন ক্লাৰ্কে প্ৰথমজনক বুজালে, ‘‘এইটো কথাও ভাবি চাওকচোন, পিটোনিয়া চৰকাৰে আমাৰ দেশক কিমান সহায় কৰি আহিছে! আমি বাৰু তেওঁলোকৰ সৈতে মিত্ৰতাৰ স্বাৰ্থত এজন মানুহৰ প্ৰাণো বলি দিব নোৱাৰোঁনে?’’

‘‘কবিজন মৰি যোৱাই উচিত।’’

‘‘নিঃসন্দেহে।’’

আণ্ডাৰ ছেক্ৰেটাৰীয়ে ছুপাৰিণ্টেণ্ডেণ্টক লে, ‘‘আজি পুৱাই প্ৰধান মন্ত্ৰীয়ে তেখেতৰ ভ্ৰমণসূচী সামৰি উভতি আহিছে। আজি চাৰি বজাত বিদেশ বিভাগে এই গছজোপাৰ ফাইলটো তেখেতৰ সন্মুখত দাখিল কৰিব। তেখেতে যি সিদ্ধান্ত , সেয়াই সকলোৰে বাবে গ্ৰহণযোগ্য ব।’’

সন্ধিয়া পাঁচ বজাত ছুপাৰিণ্টেণ্ডেণ্টে নিজে কবিৰ ফাইলটো লৈ তেওঁৰ ওচৰলৈ আহি বলৈ ধৰিলে, ‘‘শুনিছানে!’’ আহি পায়েই অত্যধিক আনন্দৰ বশত ফাইল জোকাৰি জোকাৰি চিঞৰি চিঞৰি বলৈ ধৰিলে তেওঁ, ‘‘প্ৰধান মন্ত্ৰীয়ে এই গছজোপা কটাৰ হুকুম দিছে। গছজোপা কটাৰ ফলত যত যি আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া , সেই সকলোবোৰৰ দায়িত্ব তেখেতে নিজে মূৰ পাতি লৈছে। কাইলৈ এই গছজোপা কাটি পেলোৱা আৰু তুমিও এই বিপদৰ পৰা উদ্ধাৰ পাবা। শুনিছানে? আজি তোমাৰ ফাইল বন্ধ ল।’’

কিন্তু ইতিমধ্যে কবিৰ হাত হিমচেঁচা হৈ পৰিছিল, চকুৰ মণি হৈ পৰিছিল নিৰ্জীৱ আৰু পৰুৱাৰ দীঘলীয়া শাৰী তেওঁৰ মুখেৰে সোমাই গৈ আছিল

তেওঁৰ জীৱনৰ ফাইলো বন্ধ ল।

(প্ৰাক-স্বাধীন আৰু স্বাধীনতা-উত্তৰ ভাৰতৰ গদ্য সাহিত্য জগতৰ এক বৰেণ্য নাম কৃষণ চন্দৰ (২৩ নৱেম্বৰ ১৯১৪ মাৰ্চ ১৯৭৭) কৃষণ চন্দৰ আছিল একাধাৰে এজন গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ, সংলাপ ৰচয়িতা তথা কাহিনী ৰচয়িতা। হিন্দী আৰু উৰ্দু উভয় ভাষাতে সাহিত্য সম্ভাৰ সৃষ্টি কৰি যোৱা কৃষণ চন্দৰৰ মুঠ উপন্যাস ৫০খন আৰু চুটিগল্প সংকলনৰ সংখ্যা ৩৪খন। তদুপৰি বলীউডৰ মুঠ ১২খন চিনেমাত চিত্ৰনাট্য, বচন তথা কাহিনীৰে তেওঁ অৱদান আগ বঢ়াই গৈছে। কৃষণ চন্দৰৰ উপন্যাসসমূহ ১৬টাতকৈ অধিক ভাৰতীয় ভাষাৰ উপৰি ইংৰাজীসহ কেইবাটাও বিদেশী ভাষালৈকো অনুবাদ হৈছে। প্ৰচ্ছন্ন ব্যংগৰে শাসনযন্ত্ৰৰ দুৰ্বলতাসমূহ উদঙাই দিয়া কৃষণ চন্দৰে তেওঁৰ সাহিত্য কৃতিসমূহৰ জৰিয়তে দৰিদ্ৰ নিস্পেষিত শ্ৰেণীক ন্যায় প্ৰদানৰ হকে সংগ্ৰাম কৰি গৈছে। ১৯৬৯ চনত ভাৰত চৰকাৰে এই বিশিষ্ট গদ্যশিল্পীগৰাকীক পদ্মভূষণ সন্মান প্ৰদান কৰে। ইয়াৰ পূৰ্বে ১৯৬৬ চনত তৎকালীন ছোভিয়েট ইউনিয়নে তেওঁক ছোভিয়েট লেণ্ড নেহৰু বঁটাৰে সন্মানিত কৰিছিল। ২০১৭ত ভাৰতীয় ডাক বিভাগে কৃষণ চন্দৰৰ স্মৃতিত এটা দহটকীয়া ডাকটিকট মুকলি কৰে।)

Comments

Popular posts from this blog

অগ্নিৰ ফান্দত

পিতৃঋণ