Posts

Showing posts from August, 2023

পিতৃঋণ

  গল্পকাৰ : স্বৰ্ভানু নাথ ডেকা মহানগৰীৰ সোঁমাজত অৱস্থিত , বিলাসবহুল ফাইভ ষ্টাৰ হোটেলসদৃশ নাৰ্ছিং হোমখনৰ এটা ডিলাক্স ছুইটৰ বিচনাত ৰোগী হিচাপে নিদ্ৰাৰত নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী ডাঃ অমূল্য কাঠকটীয়া৷ অসুস্থ কাঠকটীয়াক আগুৰি তেওঁৰ চাৰিওফালে কৰ্মৰত বিভিন্ন ধৰণৰ সৰ্বাধুনিক মেচিন৷ ডাঃ কাঠকটীয়াৰ শৰীৰৰ প্ৰতিটো খবৰ ৰেকৰ্ড কৰি গৈছে এই মেচিনবোৰে৷ কোঠাটোত এই মুহূৰ্তত আন কোনো মানুহ নাই৷ নীলা ইউনিফৰ্ম পিন্ধা এজন ৱাৰ্ডবয় কোঠাটোলৈ সোমাই আহিল৷ আহিয়েই পকেটৰ পৰা উলিয়ালে এটা ছিৰিঞ্জ৷ কাঠকটীয়াই লৈ থকা চেলাইনৰ বটলটোত ছিৰিঞ্জৰ গোটেইখিনি ঔষধ পুশ্ব কৰি দিলে৷ মাথোঁ এটা মুহূৰ্ত ! ডাঃ কাঠকটীয়াৰ গাটো জিকাৰ মাৰি উঠিল৷ নাকেৰে ওলাই আহিল এজোলোকা তেজ৷ লগে লগে সকলো শেষ ! পঁয়ত্ৰিছ বছৰ পূৰ্বে এই নাৰ্ছিং হোমখনৰ বাৰাণ্ডাতে বিনা চিকিৎসাই ছটফটাই ছটফটাই প্ৰাণ এৰিছিল এজন ঠেলাচালকে৷ ৰেজিষ্ট্ৰেশ্যন ফীজৰ ৩৫ হাজাৰ টকা জমা দিব নোৱাৰাৰ বাবে মানুহজনক চিকিৎসালয়খনৰ ভিতৰলৈকে সোমাবলৈ দিয়া হোৱা নাছিল৷ ডাঃ কাঠ...

টৰ্চ

  Ø মূল : নাৰায়ণ গংগোপা ধ্যা য়     Ø অনুবাদ : স্বৰ্ভানু নাথ ডেকা ইন্সপেক্টৰ ৰাজেশে আহি দেখিবলৈ পালে, নন্দৰ হাত-ভৰি বন্ধা, মুখত কাপোৰৰ কটকটীয়া সোপা। চকু দুটা ডাঙৰ ডাঙৰকৈ মেলি তেওঁ গোঁ গোঁৱাই গেঙনি তুলিছে। ৰাজেশৰ লগত অহা কনিষ্টবলজনে নন্দৰ হাত-ভৰিৰ বান্ধোন খুলি দিলে। মানুহজনে তেতিয়া কোনো কথা ক ’ ব পৰা অৱস্থাত নাই। কেৱল ফোঁপাইছে আৰু জোৰে জোৰে উশাহ লৈছে। ৰাজেশে তেওঁক কিছু বিশ্ৰাম লোৱাৰ সময় দিলে। পূৰা এগিলাচ পানী একে উশাহে খাই নন্দ কিছু প্ৰকৃতিস্থ হ ’ ল। তাৰ পিছতেই হঠাতে চিঞৰি উঠিল, “ মোৰ ভাই মুকুন্দ ? তাৰ... তাৰ কি হ ’ ল ? সি ক ’ ত ?” কিছু বিষণ্ণভাৱে ৰাজেশে উত্তৰ দিলে, “ আপোনাক এটা বেয়া খবৰ দিওঁ, মনটো বেয়া নকৰিব। তেওঁক হ ত্যা কৰা হৈছে। তেওঁৰ বুকুত কোনোবাই ছুৰী মাৰি হ ত্যা কৰিছে। ” “ নাই... !” – এটা চিৎকাৰ কৰি নন্দ অজ্ঞান হৈ পৰিল। কিন্তু পুলিচৰ আগত বেছি সময় অজ্ঞান হৈ পৰি থকাটোতো সম্ভৱ নহয় ! সেয়ে কেইটামান মুহূৰ্তৰ পিছতে নন্দ উঠি বহিবলগীয়া হ ’ ল। এইবাৰ ইন্সপেক্টৰ ৰাজেশে পকেটৰ পৰা নোটবুক আৰু কলম উলিয়ালে। “ চাওক, দুখ কৰাৰ সময় পিছে-পৰেও বহুখিনি পাব। কিন্তু প্ৰথমে হ ত...

নাটকৰ সমাপ্তি

  Ø মূল : এম ডেলাৰু    Ø অনুবাদ : স্বৰ্ভানু নাথ ডেকা নিজৰ ৰুক্ষ, শুকান চেহেৰাটো আকৌ এবাৰ আইনাত চাবলৈ ধৰিলে বৰিছে। ভাবিবলৈ ধৰিলে— মানুহে যিয়েই নকওক কিয়, তাৰ চেহেৰাটো হ ’ ল অতি আকৰ্ষণীয়। এনে এটা চেহেৰা, যিটো হ ’ ল বহু উত্থান-পতনৰ সাক্ষী, যিটো চেহেৰাই মঞ্চত কেতিয়াবা নায়কৰ ৰূপ লৈ দেখা দিছে আৰু কেতিয়াবা খলনায়কৰ ৰূপ লৈ। কিন্তু আজি ? আজি কোনেও আনকি তাৰ নামটোও নাজানে। খঙত ৰঙা-ছিঙা পৰি সি মাৰ্ছিলৰ কোঠাৰ পৰা ওলাই আহিল। আজি মানুহে তাক অভিনেত্ৰী মাৰ্ছিলৰ ছেক্ৰেটাৰী বুলিয়েই জানে। মানুহে পাহৰি গৈছে— এসময়ত সি আছিল ফ্ৰান্সৰ সৰ্বাধিক জনপ্ৰিয় হিৰো। সি ডাইনিং ৰূমলৈ আহিল। ইতিমধ্যে লিগিৰীয়ে বৰিছ আৰু মাৰ্ছিল দুয়োৰে বাবে খোৱা বস্তু মেজত সজাই দিছিল। দিনটো আছিল দেওবাৰ আৰু সেয়ে সিহঁত দুয়োৰে ছুটী আছিল। খাই থাকোতে মাৰ্ছিলে ঠাট্টাৰ সুৰেৰে ক ’ বলৈ ধৰিলে, “ কালি তোমাৰ প্ৰাক্তন হিৰোইন ইভিচক দেখা পালোঁ। বেচেৰীক বৰ বেয়া অৱস্থাত দেখিলোঁ। তোমাৰ এতিয়াৰ অৱস্থাতকৈও বহু বেছি বেয়া। মই মোৰ এজেণ্টক ক ’ লোঁ, বেচেৰীক কোনো এখন চিনেমাত সৰু-সুৰা কাম এটা যোগাৰ কৰি দিয়া। তেতিয়া তেওঁ ক ’ লে— মইতো বৰিছ আৰু ইভিচ দুয়োৰে ব...