নাটকৰ সমাপ্তি
Ø মূল: এম ডেলাৰু Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা
নিজৰ ৰুক্ষ, শুকান চেহেৰাটো আকৌ এবাৰ আইনাত চাবলৈ ধৰিলে বৰিছে। ভাবিবলৈ ধৰিলে—
মানুহে যিয়েই নকওক কিয়, তাৰ চেহেৰাটো হ’ল অতি আকৰ্ষণীয়। এনে এটা চেহেৰা, যিটো হ’ল বহু উত্থান-পতনৰ সাক্ষী, যিটো চেহেৰাই মঞ্চত কেতিয়াবা
নায়কৰ ৰূপ লৈ দেখা দিছে আৰু কেতিয়াবা খলনায়কৰ ৰূপ লৈ।
কিন্তু আজি? আজি কোনেও আনকি তাৰ নামটোও
নাজানে। খঙত ৰঙা-ছিঙা পৰি সি মাৰ্ছিলৰ কোঠাৰ পৰা ওলাই আহিল। আজি মানুহে তাক
অভিনেত্ৰী মাৰ্ছিলৰ ছেক্ৰেটাৰী বুলিয়েই জানে। মানুহে পাহৰি গৈছে— এসময়ত সি আছিল
ফ্ৰান্সৰ সৰ্বাধিক জনপ্ৰিয় হিৰো।
সি ডাইনিং ৰূমলৈ আহিল। ইতিমধ্যে লিগিৰীয়ে বৰিছ আৰু মাৰ্ছিল দুয়োৰে বাবে খোৱা
বস্তু মেজত সজাই দিছিল। দিনটো আছিল দেওবাৰ আৰু সেয়ে সিহঁত দুয়োৰে ছুটী আছিল।
খাই থাকোতে মাৰ্ছিলে ঠাট্টাৰ সুৰেৰে ক’বলৈ ধৰিলে, “কালি তোমাৰ প্ৰাক্তন হিৰোইন ইভিচক দেখা পালোঁ। বেচেৰীক বৰ বেয়া অৱস্থাত
দেখিলোঁ। তোমাৰ এতিয়াৰ অৱস্থাতকৈও বহু বেছি বেয়া। মই মোৰ এজেণ্টক ক’লোঁ, বেচেৰীক কোনো এখন চিনেমাত
সৰু-সুৰা কাম এটা যোগাৰ কৰি দিয়া। তেতিয়া তেওঁ ক’লে— মইতো বৰিছ আৰু ইভিচ দুয়োৰে বাবে কাম যোগাৰ কৰাৰ চেষ্টা
কৰিয়েই থাকোঁ। দুয়োৰে কপাল ফুটা, মই কি কৰিব পাৰোঁ?”
“ইভিচ তোমাতকৈ বহু ভাল অভিনেত্ৰী,
আজিও।” ঘৃণাভৰা দৃষ্টিৰে মাৰ্ছিললৈ চাই
বৰিছে ক’লে।
“সেই ডাইনীজনীৰ কথা বাদ দিয়া, ডিয়েৰ; আৰু তোমাৰ এটা ভুল ধাৰণা মই দূৰ
কৰি দিওঁ। সেইটো হ’ল এয়ে যে মই তোমাক কেতিয়াও, কোনো পৰিস্থিতিতে ডিভোৰ্চ নিদিওঁ। আৰু শুনা, মোৰ
পতি হ’লেও তুমি মোক তোমাৰ মালিকনী হিচাপে
সন্মান দেখুৱাব লাগিব; মইতো আচলতেই তোমাৰ মালিকনী।” অহংকাৰেৰে মদমত্ত মাৰ্ছিলে তীব্ৰ শ্লেষপূৰ্ণ বাক্যবাণেৰে থকা-সৰকা কৰিলে
বৰিছক।
কিন্তু বৰিছে
সেই সময়ত তাৰ ঘৈণীয়েকৰ কথালৈ মন নিদি আন এটা কথাহে ভাবি আছিল। সি ভাবি আছিল ‘শেষ নিশা হত্যা’ নামৰ সেই চিনেমাখনৰ কথা, যিখনত সি
ইভিচৰ সৈতে কাম কৰিছিল। সি মনে মনে নিজৰ জেপ খুঁচৰি চালে। হত্যাৰ অস্ত্ৰ জেপতেই
আছিল। এতিয়া সি মাথোঁ এটা সুযোগৰ অপেক্ষাত আছিল। দুপৰীয়া খাই-বৈ উঠি মাৰ্ছিলে শোৱা
পাটীত পৰোতেই সি সেই সুযোগ পাই গ’ল। হাতত সাৰে ভৰিত সাৰে সি শুই থকা মাৰ্ছিলৰ ওচৰ চাপিল আৰু তাইৰ বাহুত ইঞ্জেক্ শ্যনৰ বেজী ভৰাই দিলে। আৰু মাথোঁ এঘণ্টাৰ ভিতৰতেই তাইৰ
মৃত্যু ঘটিব। স্বস্তিৰ নিশ্বাস পেলাই বৰিছে ভাবিলে, কেনে এটা নিখুঁত হত্যাকাণ্ড
কৰি পেলালোঁ মই! মৰণোত্তৰ পৰীক্ষাত কোনেও একো গম নাপাব। যেনেদৰে চিনেমাখনতো মৃতকৰ
কিদৰে মৃত্যু হ’ল সেই বিষয়ে চিকিৎসকে একো জানিব
পৰা নাছিল। আত্মতুষ্টিৰ হাঁহি এটা মাৰি সি শুবলৈ গ’ল।
কিন্তু কিছু সময়ৰ পিছতেই সি হঠাতে সাৰ পাই উঠিল। ওচৰতে দেখিবলৈ পালে মাৰ্ছিলক। ওঁঠত ৰহস্যময় হাঁহি লৈ তাই ক’বলৈ ধৰিলে, “তোমাৰ জেপত ইঞ্জেক্ শ্যনৰ ছিৰিঞ্জ দেখিয়েই মই সকলো বুজি পাইছিলোঁ। তুমি হয়তো নাজানা, ‘শেষ নিশা হত্যা’ চিনেমাখনৰ ৰিমেক হ’ব, য’ত মই কাম কৰিছোঁ অভিনেত্ৰী হিচাপে। মই তোমাৰ জেপৰ পৰা আচল বেজীটো আঁতৰাই চিনেমাত ব্যৱহাৰ কৰা নকল বেজী থৈ দিছিলোঁ। তোমাৰ যেতিয়া টোপনি আহিল, তেতিয়া মই তোমাৰ আচল ইঞ্জেক্ শ্যন তোমাকেই লগাই দিলোঁ। চোৱা, তোমাৰ বাহুত ইঞ্জেক্ শ্যন দিয়াৰ চিন। তেনেহ’লে এতিয়া চিৰবিদায়, বৰিছ!”
Comments
Post a Comment