পিতৃঋণ

 গল্পকাৰ: স্বৰ্ভানু নাথ ডেকা


মহানগৰীৰ সোঁমাজত অৱস্থিত, বিলাসবহুল ফাইভ ষ্টাৰ হোটেলসদৃশ নাৰ্ছিং হোমখনৰ এটা ডিলাক্স ছুইটৰ বিচনাত ৰোগী হিচাপে নিদ্ৰাৰত নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী ডাঃ অমূল্য কাঠকটীয়া৷ অসুস্থ কাঠকটীয়াক আগুৰি তেওঁৰ চাৰিওফালে কৰ্মৰত বিভিন্ন ধৰণৰ সৰ্বাধুনিক মেচিন৷ ডাঃ কাঠকটীয়াৰ শৰীৰৰ প্ৰতিটো খবৰ ৰেকৰ্ড কৰি গৈছে এই মেচিনবোৰে৷ কোঠাটোত এই মুহূৰ্তত আন কোনো মানুহ নাই৷

নীলা ইউনিফৰ্ম পিন্ধা এজন ৱাৰ্ডবয় কোঠাটোলৈ সোমাই আহিল৷ আহিয়েই পকেটৰ পৰা উলিয়ালে এটা ছিৰিঞ্জ৷ কাঠকটীয়াই লৈ থকা চেলাইনৰ বটলটোত ছিৰিঞ্জৰ গোটেইখিনি ঔষধ পুশ্ব কৰি দিলে৷ মাথোঁ এটা মুহূৰ্ত! ডাঃ কাঠকটীয়াৰ গাটো জিকাৰ মাৰি উঠিল৷ নাকেৰে ওলাই আহিল এজোলোকা তেজ৷ লগে লগে সকলো শেষ!

পঁয়ত্ৰিছ বছৰ পূৰ্বে এই নাৰ্ছিং হোমখনৰ বাৰাণ্ডাতে বিনা চিকিৎসাই ছটফটাই ছটফটাই প্ৰাণ এৰিছিল এজন ঠেলাচালকে৷ ৰেজিষ্ট্ৰেশ্যন ফীজৰ ৩৫ হাজাৰ টকা জমা দিব নোৱাৰাৰ বাবে মানুহজনক চিকিৎসালয়খনৰ ভিতৰলৈকে সোমাবলৈ দিয়া হোৱা নাছিল৷ ডাঃ কাঠকটীয়াই নিজে দুৰ্গত পৰিয়ালটোৰ লোকক গঁতিয়াই উলিয়াই দিছিল৷

সেই ঠেলাচালকজনৰেই পুত্ৰ আজি ডাঃ কাঠকটীয়াৰ কাল হৈ অহা ৱাৰ্ডবয়জন!

Comments

Popular posts from this blog

অগ্নিৰ ফান্দত

জামুগছ