অগ্নিৰ ফান্দত

 (মূল: ৰ’জমেৰী টিম্পাৰ্লী, অনুবাদ: স্বৰ্ভানু নাথ ডেকা)


তেতিয়া গভীৰ ৰাতি৷ বন্ধুৰ ঘৰৰ পৰা ওলায়েই দেখিলোঁ, শেষ বাছখন চকুৰ সন্মুখেৰেই পাৰ হৈ ল৷ হাতত একো উপায়েই নাছিল৷ মফচলৰ মৰুভূমিসদৃশ নিৰ্জন পথেৰে অকলেই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ শাৰী শাৰী গুদাম আৰু কেইটামান পৰিত্যক্ত বিল্ডিঙৰ কাষেৰে পাৰ বলৈ ধৰোঁতেই দেখিলোঁ ঘৰকেইটাত হঠাৎ দপ দপকৈ জুই লাগিল৷ মুহূৰ্ততে জুইৰ লেলিহান শিখা আৰু ধোঁৱা কুণ্ডলী পকাই আকাশলৈ উঠিবলৈ ধৰিলে৷

এটা জ্বলন্ত গুদাম হঠাৎ হুৰহুৰাই খহি পৰিল, লগে লগে চৌদিশে ধোঁৱাই আৱৰি ধৰিলে৷ সেই মুহূৰ্তত চৌপাশৰ আকাশ-বতাহ যেন সাক্ষী এক নিষ্ঠুৰ খেলৰ শিহৰণকাৰী দৃশ্যৰ৷ মই দেখিবলৈ পালোঁ জুইৰ চকু চাৎ মাৰি ধৰা পোহৰৰ খেলা৷ দগ্ধ বয়-বস্তু ভাগি পৰাৰ শব্দও শুনিবলৈ পালোঁ৷ এইবোৰৰ মাজতে হঠাতে ভাঁহি আহিল এক ভয়াৰ্ত চিৎকাৰ! লগে লগে গোটেই ঠাইখনেই যেন অসহায়, স্থবিৰ হৈ পৰিল৷ সেই চিঞৰ আছিল বীভৎস আৰু ভয়ংকৰভাৱে অলৌকিক৷ মুহূৰ্ততে চৌদিশে এক নৈৰাজ্য বিয়পি পৰিল৷ সকলো ভাল কথা যেন নাইকিয়া হৈ পৰিল, এক অশুভ শক্তিয়ে লাহে লাহে যেন সকলোখিনি নিজৰ গ্ৰাসত আবদ্ধ কৰি পেলালে৷ ভাবিলোঁ, গৃহহাৰা বহু মানুহে এই পৰিত্যক্ত ঘৰবোৰত আশ্ৰয় পাইছিল, আৰু আজি তেওঁলোকৰ এই অৱস্থা! জীৱন সংগ্ৰামত পৰাজিত মানুহ আজি যেন বৰ অসহায়৷

কিন্তু এই সকলোবোৰতো কেৱল মোৰ মনৰ চিন্তাহে মাথোঁন৷ এতিয়ালৈকেতো কোনোৱেই সেই জ্বলন্ত গুদামৰ খিৰিকীৰ কাষলৈ আহি সহায় বিচাৰি হাহাকাৰ কৰা নাই৷ জ্বলন্ত বিল্ডিঙৰ ছাদৰ পৰা কাকো তললৈ জাঁপ দিয়াও দেখা নাই৷ আচৰিত কথা, লেলিহান জুইৰ ফান্দত পৰা সত্ত্বেও জ্বলন্ত ঘৰবোৰত কাকো সুস্থ বা দগ্ধ অৱস্থাতো দেখিবলৈ নাপালোঁ! তথাপি সেই আৰ্তচিৎকাৰ ঘনে ঘনে ভাঁহি আহিবলৈ ধৰিছে৷ এয়া আকৌ কিদৰে সম্ভৱ? জ্বলন্ত ঘৰৰ পৰা আৰ্তনাদৰ শব্দ ভাঁহি আহিছে, অথচ কোনেও সেই ঘৰৰ পৰা ওলাই অহাৰো চেষ্টা কৰা নাই! কোনে জানে, ইয়াৰ আঁৰত আকৌ কি ৰহস্য! এবাৰ আকৌ ভাবিলোঁ, জুইত পুৰি মৰাৰ লগে লগে মানুহবোৰ ভূত হৈ নেকি? সিহঁতৰ অতৃপ্ত আত্মাৰেই এই চিঞৰ নহয়তো!

যি হওক, এই মুহূৰ্তত তেওঁলোকক সহায়ৰ বাবে আগুৱাই যোৱা উচিত, জুই নুমুওৱাৰ ব্যৱস্থা কৰা উচিত৷ তাকে ভাবিয়েই মই মোৰ কৰ্তব্য থিৰাং কৰিলোঁ৷ মই লৰালৰিকৈ ওচৰৰে এটা টেলিফোন বুথলৈ লোঁ আৰু ৯৯৯- ডায়েল কৰিলোঁ৷ ভাগ্য ভাল, এবাৰতেই ফায়াৰ ছাৰ্ভিচৰ লাইন পাই লোঁ৷ মোৰ নাম আৰু জুই লগা বিল্ডিঙৰ ঠিকনা জনালোঁ৷ তেওঁলোকক এইবুলিও লোঁ যে বহু লোক জুইৰ মাজত আবদ্ধ হৈ পৰিছে৷ এতিয়াই তেওঁলোকক উদ্ধাৰ কৰিব লাগে, নহলে তেওঁলোকৰ তাতেই জ্বলন্ত সমাধি ঘটিব৷

তাৰ পিছত মই কিছু আঁতৰত এটুকুৰা নিৰাপদ ঠাইলৈ আঁতৰি আহিলোঁ৷ ঘৰটোৰ পৰা জ্বলন্ত ইটা-কাঠৰ টুকুৰা উফৰি আহি আছিল বাবেই এই সাৱধানতা৷ সেই সময়তো গা শিৰশিৰাই যোৱা আৰ্তচিৎকাৰ, সৰু ৰা-ছোৱালীৰ কন্দা-কটা ভাঁহি আহিছিল৷ অৱশ্যে এতিয়া সেই চিৎকাৰৰ তীব্ৰতা আগৰ দৰে নাছিল, ক্ষীণ হৈ আহিছিল, হয়তো যিকোনো মুহূৰ্ততে সেয়া স্তব্ধ হৈ যাব পাৰে৷ ভাবি আচৰিত হৈছিলোঁ, তেওঁলোকে কিয় বাৰু ঈশ্বৰৰ নাম লৈ নিজকে ৰক্ষাৰ চেষ্টা নকৰিলে? তাৰমানে তেওঁলোক আটায়েই স্বেচ্ছাই মৃত্যুবৰণ কৰিলে নেকি? মই বাৰু কেনেবাকৈ গণ আত্মহত্যাৰ সাক্ষী হলোঁহি নেকি?

এইবাৰ মই ফায়াৰ ছাৰ্ভিচৰ গাড়ীৰ ঘণ্টাধ্বনি শুনিবলৈ পালোঁ৷ ক্ৰমে ওচৰলৈ আহিছে গাড়ীকেইখন, ঘণ্টাৰ শব্দও ক্ৰমে তীব্ৰ হৈ উঠিছে৷ কেইমিনিটমান পিছতেই তিনিখনকৈ অগ্নিনিৰ্বাপক গাড়ী আহি পালেহি আৰু যাৰ যি কাম সেয়া আৰম্ভ কৰিলে৷ ইউনিফৰ্ম আৰু হেলমেট পৰিহিত অগ্নিনিৰ্বাপক কৰ্মীসকল গাড়ীৰ পৰা নামি কোনোৱে পানীৰ টেংকীত হোছপাইপ লগালে, কোনোবাই আকৌ জখলা সাজু কৰিলে৷ আটায়েই জুইৰে মোকাবিলা কৰিবলৈ সাজু ল৷ এই ক্ষেত্ৰত অভিজ্ঞতা আৰু সাহসৰ প্ৰয়োজন আৰু সেয়াই অগ্নিনিৰ্বাপক কৰ্মীসকলৰ ট্ৰেড মাৰ্ক৷ দূৰৰ পৰা মই তেওঁলোকৰ কামবোৰ চাই থাকিলোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ, যাতে কোনো মৃতদেহ দেখিবলগীয়া নহয়৷

জুই নুমুৱাবলৈ বহু সময় লাগিল৷ তাৰ পিছত অগ্নিনিৰ্বাপক কৰ্মী বিল্ডিঙৰ ভিতৰত সোমাল৷ সেই সময়ত ঘৰটোৰ ভিতৰটো লা ধোঁৱাই আৱৰি ৰাখিছিল৷ তেওঁলোকৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম ল৷ তথাপি তেওঁলোকে নিজ কৰ্তব্য পালন কৰিবই লাগিব৷ মোৰ মনলৈ সেই সময়ত এটা কথাই আহিছিল ক্ষন্তেক পিছতে তেওঁলোকে কেইবাটাও মৃতদেহ লৈ বাহিৰলৈ ওলাই আহিব৷ ইফালে এম্বুলেন্সো সাজু৷ ডাক্তৰ-নাৰ্ছো অধীৰ আগ্ৰহেৰে অপেক্ষাৰত যদি কোনোবা মৃত্যুপথযাত্ৰীক বচাব পাৰেই!

কিন্তু অগ্নিনিৰ্বাপক কৰ্মীসকল খালী হাতেই উভতি আহিল৷ এটাও মৃতদেহৰ সন্ধান পোৱা নগল৷ কি আচৰিত!

এজন অফিচাৰ ইনচাৰ্জক আগুৱাই অহা দেখি মই লোঁ মই বুজিব পৰা নাই৷ মইতো মানুহৰ আৰ্তনাদ শুনিছিলোঁ৷ অথচ...

আপুনি ভুল কৰিছে মিছ, মানুহৰ কোনো অস্তিত্বই নাই ভিতৰত৷ পুৰি যোৱা বহু পোচাক অৱশ্যে তাত পাইছোঁ৷ কিন্তু কোনো মানুহ নাছিল তাত, ঈশ্বৰক ধন্যবাদ!

গুদামটোত কি কি বস্তু আছিল?

সেয়া আমি এতিয়ালৈ জানিব পৰা নাই৷ আমি ঘৰৰ পুৰণা মালিকৰ সন্ধান পাইছোঁ৷ তেওঁ ফোনত কৈছে, এই বিল্ডিংটো মিছেছ ছেলোনাৰ নামৰ এগৰাকী মহিলাই তেওঁৰ পৰা কিনিছে৷ কিন্তু কিয় কিনিছিল সেয়া মহিলাগৰাকীয়ে তেওঁক জনোৱা নাই৷ যি হওক, তেওঁ সেই মহিলাগৰাকীৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰিছে৷ মহিলাগৰাকীয়ে তাত যিয়েই ৰাখিছিল, সেই সকলোবোৰ পুৰি ছাই হৈ ল৷

বাৰু, জুই কিদৰে লাগিল বুলি আপুনি ভাবে?

তদন্ত নকৰাকৈ এতিয়াই একো পৰা নাযায়৷ সম্ভৱতঃ বিজুলীৰ শ্বৰ্ট চাৰ্কিটৰ পৰাই এনে ভয়ংকৰ জুই লাগিল৷ ইয়াত এই পুৰণি বিল্ডিংটোত জুই লগাৰ সেয়াই মূল কাৰণ পাৰে৷

ক্ষন্তেক পিছতেই এখন গাড়ী আহি ওলালহি৷ এগৰাকী মহিলা গাড়ীৰ পৰা নামি আমাৰ ফালে আগুৱাই আহিল৷ মধ্যবয়স্কা মহিলাগৰাকী ক্ষীণকায়, ডাঠ লা চকু, মুখখন শেঁতা পৰা বগা, ভীত-সন্ত্ৰস্ত, ভূত দেখি ভয় খোৱা মানুহৰ দৰে৷

মই মিছেছ ছেলোনাৰ, তেওঁ লে৷

মেডাম, মোৰ আশংকা, আমি হয়তো আপোনাৰ একো বস্তুৱেই ৰক্ষা কৰিব নোৱাৰিলোঁ, অফিচাৰজনে আক্ষেপৰ সুৰেৰে লে, ঘৰৰ সকলো বস্তু ধ্বংস হৈ গৈছে৷ আমি আমাৰ সাধ্যমতে সকলোখিনি কৰিলোঁ৷ এই ছোৱালীজনীয়ে আমাক ফোন কৰি খবৰ দিয়াৰ লগে লগে আমি এইখিনি পাইছোঁহি, মোক দেখুৱাই তেওঁ লে৷

আপুনি জুই লগা দেখিছিল? কি হৈছিলনো? মহিলাগৰাকীয়ে মোক সুধিলে৷

মই তেতিয়া তেওঁক ঘটনাটো সংক্ষেপে জনালোঁ৷ বিল্ডিঙত জুই লগা দেখি মই যে তৎক্ষণাত অগ্নিনিৰ্বাপকক খবৰ দিলোঁ, সেই কথাও তেওঁক জনাবলৈ নাপাহৰিলোঁ৷

তাত সিহঁত সকলো আছিল, গভীৰ দুখেৰে লে মহিলাগৰাকীয়ে, মোৰ গোটেই জীৱনৰ ফচল, মোৰ জীৱনৰ প্ৰেম, ভালপোৱা! মই এটা মিউজিয়াম নিৰ্মাণ কৰিবলৈ ওলাইছিলোঁ, এখন সৰ্বাংগসুন্দৰ আধুনিক ঠাই, সিহঁত সুখী , আৰামত থাকিব পাৰিব৷ তালৈ দৰ্শক আহিব, সিহঁতক প্ৰশংসা কৰিব৷ ইমানেই মূল্যৱান আছিল সিহঁত! সিহঁতৰ মাজত কিছুমান আছিল বহু পুৰণি৷ প্ৰত্যেকটোৰ আঁৰত আছিল একো একোটা ইতিহাস৷ কি ভয়ংকৰ নিষ্ঠুৰভাৱে সিহঁত গুচি যাবলগীয়া !

সিহঁত? কোন সিহঁত? মানে মই জানিব খুজিছোঁ, সিহঁত মানে কোন?

পাঞ্চ আৰু জুডি পুতলা, ভেণ্ট্ৰিলকুইষ্টৰ পুতলা, যি পুতলাৰ মুখেৰে মানুহৰ মাত উলিয়াব পাৰি, পুতলাৰ চকুলো নিগৰাব পাৰি, পুতলাৰ জৰিয়তে সুখ-দুখৰ প্ৰকাশ ঘটাব পাৰি৷ এনে ধৰণৰ অনেক পুতলা আছিল তাত৷ গোটেই বিশ্বৰ পৰা মই এই পুতলাবোৰ সংগ্ৰহ কৰি আনিছিলোঁ৷ প্ৰতিটো পুতলা মোৰ প্ৰিয় আছিল, মই সিহঁতৰ প্ৰতিটোকে ভাল পাইছিলোঁ৷ সিহঁত মোৰ সন্তান আছিল! এইখিনিকে কৈ কান্দোনত ভাগি পৰিল তেওঁ৷

শান্ত হওক মেডাম, নৰম কণ্ঠৰে লে অফিচাৰজনে, মই বুজি পাইছোঁ, নিশ্চয়েই আপোনাৰ বাবে এয়া এক ভয়ংকৰ আঘাত, কিন্তু সেইবোৰতো কেৱল পুতলাহে আছিল! এনেকুৱাতো নহয় যে সিহঁতৰ কোনো অনুভূতি আছিল৷

আপুনি কেনেকৈ জানিলে? মিছেছ ছেলোনাৰে চিৎকাৰ কৰি উঠিল৷

মই ততাতৈয়াকৈ তাৰ পৰা আঁতৰি আহিলোঁ৷ মোৰ ভয় , মহিলাগৰাকীয়ে এইবাৰ হয়তো মোকেই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব৷ মই বাৰু তেওঁক কেনেকৈ কওঁ, মই তেওঁৰ সন্তানবোৰৰ আৰ্তচিৎকাৰ শুনিবলৈ পাইছিলোঁ!

 

(ব্ৰিটিছ ঔপন্যাসিক, গল্পকাৰ তথা চিত্ৰনাট্যকাৰ জমেৰী টিম্পাৰ্লীৰ জন্ম হৈছিল লণ্ডন মহানগৰত, ১৯২০ চনৰ ২০ মাৰ্চত৷ মাথোঁ ৩৩ বছৰৰ ভিতৰতে ৬৬খনকৈ উপন্যাস আৰু কেইবাশ চুটি গল্প ৰচনা কৰি খ্যাতি অৰ্জন কৰিছিল টিম্পাৰ্লীয়ে৷ অৱশ্যে ইংৰাজী সাহিত্য জগতত জমেৰী টিম্পাৰ্লী ঘাইকৈ জনাজাত তেওঁৰ ভৌতিক গল্পসমূহৰ বাবে আৰু ইতিমধ্যে কেইবাখনো ভৌতিক গল্প সংকলনত গল্পকাৰগৰাকীৰ বৃহৎসংখ্যক গল্প সন্নিবিষ্ট হৈছে৷ এনে কেইবাখনো সংকলন তেওঁ নিজে সম্পাদনাও কৰিছিল৷ জমেৰী টিম্পাৰ্লীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ দ্য ইজিপচিয়ান ওমেন, দ্য প্ৰাইভেট প্ৰিজনাৰ্ছ, ডেট ইয়েৰ এট দ্য অফিচ আদি৷ ১৯৮৮ চনৰ নৱেম্বৰত ৬৮ বছৰ বয়সত এইগৰাকী জনপ্ৰিয় ভৌতিক গল্পকাৰ-ঔপন্যাসিকে শেষ নিশ্বাস ত্যাগ কৰে৷)

Comments

Popular posts from this blog

পিতৃঋণ

জামুগছ