টৰ্চ
Ø মূল: নাৰায়ণ গংগোপাধ্যায় Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা
ইন্সপেক্টৰ
ৰাজেশে আহি দেখিবলৈ পালে, নন্দৰ হাত-ভৰি বন্ধা, মুখত কাপোৰৰ কটকটীয়া সোপা। চকু
দুটা ডাঙৰ ডাঙৰকৈ মেলি তেওঁ গোঁ গোঁৱাই গেঙনি তুলিছে।
ৰাজেশৰ
লগত অহা কনিষ্টবলজনে নন্দৰ হাত-ভৰিৰ বান্ধোন খুলি দিলে। মানুহজনে তেতিয়া কোনো কথা
ক’ব পৰা অৱস্থাত নাই। কেৱল ফোঁপাইছে আৰু জোৰে
জোৰে উশাহ লৈছে।
ৰাজেশে
তেওঁক কিছু বিশ্ৰাম লোৱাৰ সময় দিলে। পূৰা এগিলাচ পানী একে উশাহে খাই নন্দ কিছু
প্ৰকৃতিস্থ হ’ল। তাৰ পিছতেই হঠাতে চিঞৰি উঠিল, “মোৰ ভাই মুকুন্দ? তাৰ...
তাৰ কি হ’ল? সি ক’ত?”
কিছু
বিষণ্ণভাৱে ৰাজেশে উত্তৰ দিলে, “আপোনাক
এটা বেয়া খবৰ দিওঁ, মনটো বেয়া নকৰিব। তেওঁক হত্যা কৰা হৈছে। তেওঁৰ বুকুত কোনোবাই ছুৰী মাৰি হত্যা কৰিছে।”
“নাই...!” – এটা চিৎকাৰ কৰি নন্দ অজ্ঞান
হৈ পৰিল।
কিন্তু
পুলিচৰ আগত বেছি সময় অজ্ঞান হৈ পৰি থকাটোতো সম্ভৱ নহয়! সেয়ে কেইটামান মুহূৰ্তৰ পিছতে নন্দ উঠি বহিবলগীয়া হ’ল। এইবাৰ ইন্সপেক্টৰ ৰাজেশে পকেটৰ পৰা নোটবুক আৰু কলম উলিয়ালে।
“চাওক, দুখ কৰাৰ সময় পিছে-পৰেও বহুখিনি পাব। কিন্তু প্ৰথমে হত্যাকাৰীক ধৰাৰ চেষ্টা কৰাহে দৰকাৰ। গতিকে দয়া কৰি আমাক অকণমান
সহায় কৰক।”
বিষণ্ণ,
গম্ভীৰ কণ্ঠৰে মাত দিলে নন্দই, “কওক।”
“আপুনিতো পাট কাপোৰৰ দালালি কৰে, আৰু আপোনাৰ সৰু ভাই মুকুন্দই? তেওঁ কি কৰে?”
“ৰাধাবজাৰত তাৰ এখন জুৱেলাৰী দোকান আছে। মাজে মাজে দুই-এটুকুৰা হীৰা আদি ঘৰলৈ
লৈ আহে আৰু সেইবোৰ আনি কিবাকিবি পৰীক্ষা কৰি থাকে। মই কেইবাবাৰো কৈছিলোঁ –
মুকুন্দ, ঘৰত কেৱল আমি দুই ভাই থাকোঁ, সেইবোৰ সৰ্বনাশী বস্তু ঘৰলৈ নানিবি, তথাপি…” কথাখিনি কৈ কৈ আকৌ এবাৰ ফেকুৰি ফেকুৰি
কান্দি উঠিল নন্দই, “মই ঠিক ধৰিব পাৰিছোঁ,
কালিও সি নিশ্চয় কিবা তেনেকুৱা বস্তুৱেই ঘৰলৈ আনিছিল, আৰু নিশ্চয় কোনোবাই তাক ফলো
কৰি...”
নন্দৰ
কথাৰ মাজতে বাধা দি ইন্সপেক্টৰ ৰাজেশে কৈ উঠিল, “হয়তো সেয়া সম্ভৱ। কিন্তু সেইবোৰ পিছেপৰেও হ’ব। তাৰ আগতে কওক, কালি ৰাতি ইয়াত আচলতে কি হৈছিল?”
“তেতিয়া ৰাতি চাৰে নটা। খাই-বৈ উঠি আমি দুয়ো ভাই শুবলৈ গ’লোঁ। আমি সদায় সোনকালেই শোওঁ, খুব পুৱাতে উঠোঁ।”
“ঘৰত আৰু কোন থাকে?”
“কোনো নাথাকে। আমি দুয়ো বেচ্চেলৰ।”
“থানাত যে খবৰ দিবলৈ গৈছিল – ঘৰৰ দুৱাৰ মেল খাই আছে, হাত-ভৰি-মুখ বন্ধা অৱস্থাত
আপুনি পৰি আছে, আপোনাৰ ভাইক হত্যা কৰা হৈছে – আপোনালোকৰ এইবোৰ খবৰ দিবলৈ যোৱা সেই
লগুৱাজন ক’ত থাকে?”
“জামাদাৰ পট্টিত। আমাক ৰন্ধা-বঢ়া কৰি দি সি খাই-বৈ ন বজাৰ ভিতৰত নিজৰ ঘৰলৈ
যায়গৈ। কালিও ঠিক ন বজাৰ লগে লগে সি ওলাই যোৱাত মই মূল দুৱাৰখন বন্ধ কৰি দিছিলোঁ।”
“ঠিক নটা? সময় কিদৰে মনত থাকিল?”
“সেই সময়তে ক’ৰবাত ঘড়ীত ন বজাৰ ঘণ্টাৰ
শব্দ শুনিবলৈ পাইছিলোঁ।”
“ঠিক আছে। তাৰ পিছত কি হ’ল কওক।”
“তেতিয়া ৰাতি দহ-চাৰে দহৰ বেছি হোৱা নাই। মোৰ টোপনি আহিছিল। হঠাৎ কাষৰে
মুকুন্দৰ ৰূমৰ পৰা কিবা যেন দবৰা-দবৰি আৰু গেঙনিৰ শব্দ শুনিবলৈ পালোঁ। একেজাঁপে
বিছনাৰ পৰা উঠি লাইট জ্বলাবলৈ চেষ্টা কৰিলোঁ – নজ্বলিল, কোনোবাই হয়তো মেইন ছুইচ অফ
কৰি দিছিল। দিনকালতো কি হৈছে জানেই, যেতিয়াই তেতিয়াই কাৰেণ্ট যায়। সেয়ে মই সদায়েই
গাৰুৰ তলত এটা সৰু দুই বেটাৰীৰ টৰ্চ ৰাখোঁ। সেইটোকে জ্বলাই মই মুকুন্দৰ ৰূমলৈ দৌৰি
গ’লোঁ।”
“ৰ’বচোন। মুকুন্দৰ ৰূমৰ দুৱাৰ খোলা আছিল নেকি?”
“সদায়েই খোলা থাকে। আমি দুয়ো ভায়েই দুৱাৰ খুলিয়েই শোওঁ।”
“খুবেই মাৰাত্মক অভ্যাস, এনে কাম কেতিয়াও কৰা উচিত নহয়। বাৰু, সেয়া বাদ দিলোঁ।
তাৰ পিছত কি হ’ল কওক। আপুনি তাত কি দেখিলে?”
“টৰ্চৰ পোহৰত দেখিলোঁ, এজন শক্তিশালী হৃষ্ট-পুষ্ট যুৱক মুকুন্দৰ বুকুৰ ওপৰত বহি
আছে আৰু মুকুন্দৰ মুখেৰে গোঁ গোঁ শব্দ ওলাইছে। মই কিবা কৰিবলৈ পোৱাৰ আগতেই আন্ধাৰতে
কোনোবা মোৰ ওপৰত জঁপিয়াই পৰিল আৰু মোৰ হাত-ভৰি বান্ধি পেলালে। মই অচেতন হৈ পৰিলোঁ।
যেতিয়া জ্ঞান আহিল, ৰাতি কিমান হৈছে ধৰিব নোৱাৰিলোঁ। গম পালোঁ – বাৰাণ্ডাত পৰি
আছোঁ। উঠিবও নোৱাৰিলোঁ, আন একো কৰিবও নোৱাৰিলোঁ, কেৱল কিছু সময় ছটফটাই থাকিলোঁ।
পুনৰ অচেতন হৈ পৰিলোঁ। পুৱা বনমালী, মানে আমাৰ লগুৱাটো কেতিয়া আহিল, কেতিয়া সি
আপোনালোকক খবৰ দিবলৈ গ’ল...”
“বাৰু, আপোনাৰ টৰ্চটো কি হ’ল?”
“দবৰা-দবৰিৰ সময়ত টৰ্চটো জ্বলি থকা অৱস্থাতে মোৰ হাতৰ পৰা ছিটিকি পৰিছিল।
নিশ্চয় সেই ৰূমটোতে ক’ৰবাত আছে।”
“হয়, সেইটো আমি ৰূমটোৰ এটা চুকত পাইছোঁ। এতিয়া আৰু দুই এটা প্ৰশ্নৰ উত্তৰ দিয়ক।
বাহিৰৰ পৰা আপোনালোকৰ ঘৰত মানুহ সোমাল কিদৰে? মূল দুৱাৰখনতো আপুনি নিজহাতে বন্ধ কৰিছিল। সিহঁতে বাৰু সেইখন দুৱাৰ খুলিয়েই
ওলাই গৈছে, কিন্তু সোমাল কেনেকৈ?”
“আমাৰ ঘৰৰ নিচেই কাষেৰেইতো গলিটো গৈছে। ঘৰৰ ৰেইন ৱাটাৰ পাইপ সেইফালেই আছে। সেই
পাইপ বগায়েই ডকাইত ছাদত উঠিল। ছাদৰ দুৱাৰ বন্ধ কৰা হোৱা নাছিল। আমিতো ৰূম খোলাই
ৰাখোঁ।”
“ঠিক আছে। তেনেহ’লে কালি মুকুন্দই ঘৰলৈ
হীৰা আনিছিল?”
“সেইবুলিয়েই কৈছিল সি। কোনোবা ৰাণীৰ হীৰা, বোধহয় পৰীক্ষা কৰিবলৈ দিছিল।
সেইটুকুৰাৰ লোভতেই...”
“হয়, সেইটুকুৰাৰ লোভতেই,” —
মিচিকিয়াই হাঁহি কৈ উঠিল ইন্সপেক্টৰ ৰাজেশে, “সেই হীৰাটুকুৰাৰ লোভতেই নিজ ভাইক আপুনি হত্যা কৰিলে, নন্দবাবু! তাৰ পিছত লগুৱা বনমালীৰ সহায়ত নিজৰ হাত-ভৰি বান্ধি লোৱাটো
কোনো ডাঙৰ কথা নহয়।”
নন্দৰ
চেহেৰা যেন হঠাতে বিবৰ্ণ হৈ পৰিল। তাৰ পিছতেই চিঞৰি উঠিল তেওঁ, “আপুনি পাগলৰ নিচিনাকৈ কি যা-তা কৈ আছে? নিজৰ ভাই মুকুন্দক মই কিয় হত্যা কৰিম?”
“লোভ, নন্দবাবু, লোভ। লোভে মানুহক পশু কৰি পেলায়। কিন্তু আপুনি নিজেই ধৰা দিছে।
টৰ্চৰ বুদ্ধিটো আপুনি নকৰিলেও হ’লহেঁতেন।”
বিস্ফাৰিত
নেত্ৰে ৰাজেশৰ ফালে চাই ৰ’ল
নন্দই।
“নন্দবাবু, ঘটনাটো ৰাতি চাৰে দহটাৰ। এতিয়া সময় পুৱা চাৰে সাতটা। আপোনাৰ টৰ্চ এতিয়াও ফটফটীয়াকৈ জ্বলি আছে। এটা সৰু দুই বেটাৰীৰ টৰ্চত এনে কোনো অলৌকিক বেটাৰী নাথাকে, নন্দবাবু, যিয়ে তাক ন ঘণ্টা ধৰি ফটফটীয়াকৈ জ্ৱলাই ৰাখিব পাৰে! গতিকে এতিয়া দয়া কৰি উঠক আৰু থানালৈ ব’লক। আপোনাৰ লগুৱা বনমালীও আপোনাৰ সহযাত্ৰী হ’ব, কাৰণ এই কুকাৰ্যত সিও আপোনাৰ সহযোগী। হীৰা বিক্ৰী কৰি পোৱা ধনৰ ভাগ সিও নিশ্চয় পালেহেঁতেন।”
মূৰত কোব খোৱা সাপৰ দৰেই কুচি-মুচি বহি পৰিল নন্দ।
Comments
Post a Comment