বুঢ়াৰ হাতত চেঙেলী

 Ø মূল: জে এইচ বীমাৰ Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা


লৰীখন ৰোৱাৰ লগে লগে পাঁচোজন যুৱক এজন এজনকৈ জঁপিয়াই নামিল আৰু বাৰখনত সোমাই পৰিল লৰীখনৰ গাত পথালিকৈ লিখা আছিল এটা বৰ ডাঙৰ কোম্পানীৰ নাম, যাৰ পৰাই স্পষ্ট হৈ উঠিছিল যে এই যুৱককেইজন কোম্পানীটোৰ ৰ্মচাৰী

দুই-তিনি পেগ পানীয় পেটত পৰাৰ পাছতেই সিহঁতৰ নিচা লাগি আহিবলৈ ধৰিলে ইমানলৈকে সকলো ঠিকেই আছিল; সিহঁতকেইটাই নিজৰ মাজতে হৈ-হাল্লা কৰি আছিল এনেতে সিহঁতে মন কৰিলে বাৰখনৰ এটা চুকত বহি চুপচাপ বিয়েৰ খাই থকা এজন বৃদ্ধক কাউণ্টাৰৰ ওচৰত এজনী ছোৱালী ঠিয় হৈ আছিল এজন যুৱকৰ চকু পৰিল তাইৰ ওপৰত কাষলৈ গৈ যুৱকজনে তাইক সুধিলে, ‘‘মেডাম, আপুনি বাৰু কিছু সময় আমাৰ সৈতে কটাবলৈ নিবিচাৰেনে?’’

‘‘তোমালোকে হজম কৰিব পৰাতকৈ বেছি মদ খাইছা যোৱা, মোক আমনি নকৰিবা’’

‘‘হেৰী, শুনিলানে মেডামে কি লে? তেওঁ ভাবিছে আমি হেনো বহুত বেছি মদ খাইছোঁ’’

‘‘কি হৈছে এইবোৰ?’’ বুঢ়া মানুহজনে নিজৰ আসনৰ পৰা উঠি আহি যুৱককেইজনৰ ওচৰ পালেহি ‘‘তহঁতে যিমান ইচ্ছা সিমান মদ খা, মোৰ বলৈ একো নাই, কিন্তু এই ছোৱালীজনীক ভুলতো হাত নলগাবি’’

আটাইকেইজন যুৱকে বুঢ়াক এনেকৈ চাবলৈ ধৰিলে, যেন সিহঁতে পাৰিলে তেওঁক গিলিহে ! ‘‘ বুঢ়া! যদি ভালে থাকিবৰ মন আছে, তেন্তে এতিয়াই ইয়াৰ পৰা পলা!’’ এজন যুৱকে তেওঁক গতা মাৰি লে, ‘‘নিজৰ নাক-মুখ ভাঙি বলৈ ইমান উত্ৰাৱল হৈছ কিয়?’’

‘‘তই মোক গতিয়াই দিলি! মইমই…!’’ উত্তেজিত হৈ বৃদ্ধই চিঞৰিবলৈ ধৰিলে

‘‘কি কৰিবি তই?’’ সিহঁত আটাইকেইটাই বুঢ়াক ঘেৰি লে আৰু এটা বলৰ নিচিনাকৈ ইটোৱে সিটোলৈ দলিয়াবলৈ ধৰিলে বুঢ়াই সিহঁতক অশ্লীল গালি দিবলৈ ধৰিলে সিহঁতে তেওঁক ডাংকোলাকৈ তুলি লৈ এক-দুই-তিনি গন্তি কৰি বাৰখনৰ বাহিৰলৈ দলিয়াই দিলে

‘‘বেয়াকৈ দুখ পালা নেকি?’’ ছোৱালীজনীয়ে বুঢ়া মানুহজনক ধৰি-মেলি ঠিয় কৰাই দিলে

‘‘চয়তানহঁত!’’ বৃদ্ধই লেঙেৰাই লেঙেৰাই ছোৱালীজনীৰ সৈতে তাৰ পৰা গুচি ছোৱালীজনীয়ে নিজৰ গাড়ীৰ ওচৰ পালেহি আৰু চালকৰ আসনত বহিল বুঢ়া মানুহজনেও তাইৰ কাষতে বহি লে

‘‘তোমাক বৰ বেয়াকৈ পিটিলে বদমাছহঁতে’’ ছোৱালীজনীয়ে বুঢ়াৰ এটা আঁঠু পিহি দি লে

‘‘মই সেইবোৰ চিন্তা কৰা নাই’’ বুঢ়াৰ মুখত দেখা এটা কুটিল হাঁহি ‘‘যেতিয়া সিহঁতে গম পাব যে সিহঁতৰ এটাৰো মানীবেগ পকেটত নাই, তেতিয়া সিহঁতৰ অৱস্থা কি ? লৰীখনত কোম্পানীটোৰ নাম দেখিয়েই মোৰ বিশ্বাস হৈ গৈছিল যে সিহঁতৰ পকেট গৰম হৈ আছে দৰমহাৰ পইচাৰে এই কোম্পানীটোৱে প্ৰতি মাহৰ এক তাৰিখেই দৰমহা দিয়ে, নহয় জানো!’’

ধুনীয়া ছোৱালীজনীয়ে তৎক্ষণাত কৈ উঠিল, ‘‘ভগৱানক ধন্যবাদ যে আজি এক তাৰিখ, নহলে ইমান মাৰ খোৱাটো অথলে লহেঁতেন’’

Comments

Popular posts from this blog

অগ্নিৰ ফান্দত

পিতৃঋণ

জামুগছ