বহুত বঢ়িয়া!

 (Ø মূল: উইলয়িাম ছৰোয়াঁ Ø অনুবাদ: স্বৰ্ভানু নাথ ডেকা)


এটা ব ডাঙৰ বেংকত এজন লোকে চাকৰি কৰিছিল তেওঁৰ কাম আছিল গ্ৰাহকে বেংকত জমা ৰখা ধনৰ হিচাপ ৰখা

বেংকত কাম কৰি কৰি তেওঁ কেইবা বছৰ পাৰ কৰি দিছিল এনেকৈয়ে লাহে লাহে তেওঁৰ অৱসৰ গ্ৰহণৰ দিনো চমু চাপি আহিল এদিন বেংকত বিশেষ কোনো কাম নাছিল নিজৰ ছীটত তেওঁ এনেয়ে বহি আছিল বহি বহি তেওঁ নিজৰ কথাকেই ভাবিবলৈ ধৰিলে – “মই এই বেংকটোতে পঁচিছ বছৰ পাৰ কৰি দিলোঁ এই পঁচিছ বছৰত মই নিজহাতে কোটি কোটি টকা চুবলৈ পালোঁ কিন্তু মই এতিয়ালৈ পালোঁ কি? পঁচিছ বছৰ আগতে যিমান দুখীয়া আছিলোঁ, মই এতিয়াও সিমানেই দুখীয়া পিছে এই পঁচিছ বছৰত লৰা-ছোৱালী আৰু ঘৰৰ দায়িত্বহে বহুগুণে বাঢ়িল

তেওঁৰ মনলৈ আহিল, ইমান বছৰ ধৰি তেওঁ নিজাকৈ ঘৰ এটা সাজিব পৰাকৈও ধন জমা কৰিব নোৱাৰিলে, কিন্তু কিয়?

এই কিয়ৰ উত্তৰ তেওঁ ভাবি ভাবি এয়ে পালে যে ইমানদিনে তেওঁ নিষ্ঠা-সততাৰেই নিজৰ কৰ্তব্য কৰি আহিছে আৰু এই সততাই হল তেওঁৰ দাৰিদ্ৰ্যৰ ঘাই কাৰণ এইবোৰ কথাকে ভাবি ভাবি অৱশেষত তেওঁ সিদ্ধান্ত লৈ পেলালে যে এইবাৰ তেওঁ যেনেকৈয়ে নহওক ধনী হবই লাগিব

পিছদিনাই তেওঁ বেংকৰ পৰা দহ লাখ টকা আত্মসাৎ কৰিলে ধনখিনি আত্মসাৎ কৰি উঠি তেওঁ পিছে কলৈকো পলাই যোৱাৰ বা আন যিকোনো ধৰণৰ আত্মৰক্ষাৰ কোনো চেষ্টাই নকৰিলে অতি সোনকালেই তেওঁ পুলিচৰ হাতত ধৰা পৰিল আদালতত তেওঁৰ বিৰুদ্ধে মোকৰ্দমা হল আৰু তেওঁক দহ বছৰৰ কাৰাদণ্ড বিহা হ

দহটাকৈ বছৰ তেওঁ আৰামত জেলত কটাই দিলে কাৰাবাসৰ ম্যাদ শেষ হোৱাৰ পিছত তেওঁ ঘৰলৈ উভতি গ ঘৰত উপস্থিত হৈ তেওঁ দেখিবলৈ পালে, খোদ পুলিচ ইন্সপেক্টৰ তেওঁৰ বাবে অপেক্ষাৰত অৱশ্যে ইন্সপেক্টৰক দেখি তেওঁ মুঠেই আচৰিত নহ

তথাপি তেওঁ ইন্সপেক্টৰক সুধিলে, “আপুনি ইয়াত কেনেকৈ ওলালহি?”

আপোনাৰ বাবেই ৰৈ আছোঁ এইটো বাৰু সঁচা যে বেংকৰ ধন আত্মসাৎ কৰাৰ শাস্তি আপুনি ভোগ কৰিলে পিছে বেংকে দেখোন এতিয়াও হেৰুওৱা ধন ওভতায়েই নাপালে!

পাই যাব, পাই যাব, আপুনি মোক মাত্ৰ দুঘণ্টা সময় দিয়ক

কাৰাবাস খাটি থকাৰ সময়ত এই বয়োজ্যেষ্ঠ লোকজনে যিখিনি সন্মান আৰ্জিছিল, তাৰেই সুবাদতে এনে এটা কথাত তেওঁক নিশ্চয়কৈ বিশ্বাস কৰিব পৰা হৈছিলগৈ ইন্সপেক্টৰে তেওঁক দুঘণ্টা সময় দিলে; অৱশ্যে গোপনে তেওঁৰ ওপৰত চকু ৰাখিবৰ বাবে পুলিচৰ গুপ্তচৰো তেওঁৰ পিছে পিছে পঠাই দিলে

দুঘণ্টা পিছত মানুহজনে সঁচাকৈয়ে দহ লাখ টকা লৈ ইন্সপেক্টৰৰ ওচৰ পালেহি ধনখিনি ইন্সপেক্টৰৰ হাতত গতাই দি তেওঁ যাবলৈ ওলাল

কিন্তু মহাশয়, মই এটা কথা বুজি নাপালোঁ,” ইন্সপেক্টৰে সুধিলে, “যদি আপুনি ধনখিনি ঘূৰাই দিব বুলি ঠিক কৰি থৈছিলেই, তেন্তে আপুনি ধন আত্মসাৎ কৰিলেই বা কিয়?”

ছাৰ, তাৰ কাৰণ এয়াই যে,” মানুহজনৰ পিছে পিছে আহি উপস্থিত হোৱা এজন গুপ্তচৰে মাত লগালে, “এওঁৰ লগত কোনো ধৰণৰ পুঁজি নাছিল দহ লাখ টকা হাতত আহি পৰাৰ লগে লগেই এওঁ ধনখিনি বিভিন্ন বেংকত জমা ৰাখি থৈ দিলে তেনেদৰে জমা ৰাখি থোৱা ধনৰ বিপৰীতে এতিয়ালৈ ইমানেই সুদ হৈছেগৈ যে এওঁ আৰু এওঁৰ পৰিয়ালে যদি জীৱনৰ বাকী থকা দিনকেইটা একো নকৰাকৈও পাৰ কৰে, তথাপি কোনো দুখ-কষ্ট নোপোৱাকৈয়ে দিন কটাব পাৰিব নহলেতো ৰিটায়াৰৰ পিছত তেওঁৰ দুখ-দুৰ্গতিৰ সীমা নাথাকিলহেঁতেন

অবিশ্বাস্য! বহুত বঢ়িয়া!শ্চৰ্যান্বিত ইন্সপেক্টৰৰ মুখেৰে কব নোৱাৰাকৈয়ে শব্দকেইটা ওলাই আহিল

 

 

(উইলিয়াম ছৰোয়াঁ [জন্ম ৩১ আগষ্ট, ১৯০৮; মৃত্যু ১৮ মে’, ১৯৮১] আছিল এজন আৰ্মেনিয়ান মূলৰ আমেৰিকান ঔপন্যাসিক, নাট্যকাৰ আৰু চুটি গল্প লেখক ১৯৪০ চনত  তেওঁ নাটকৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে ১৯৪৩ চনত দ্য হিউমেন কমেডীচিনেমাখনৰ বাবে ছৰোয়াঁক শ্ৰেষ্ঠ গল্পৰ অস্কাৰ বঁটা প্ৰদান কৰা হয় কেলিফৰ্নিয়ালৈ নিগাজীকৈ বসবাস কৰিবলৈ অহা আৰ্মেনিয়ান লোকসকলৰ প্ৰবাসী জীৱন সম্পৰ্কে ছৰোয়াঁই তেওঁৰ লেখাসমূহত বিস্তৃতভাৱে বৰ্ণনা কৰি গৈছে তেওঁৰ অধিকাংশ গল্প আৰু নাটকৰ পটভূমি হল তেওঁ বাস কৰা কেলিফৰ্নিয়াৰ ফ্ৰেছ্‌নচহৰ লেখক হিচাপে ছৰোয়াঁক জনপ্ৰিয় কৰি তোলা উল্লেখনীয় সাহিত্য কৃতিসমূহৰ ভিতৰত আছে দ্য টাইম অব্‌ ইওৰ লাইফ’, ‘মাই নেম ইজ অৰামআৰু মাই হাৰ্ট্‌ছ ইন দ্য হাইলেণ্ড্‌ছ)

Comments

Popular posts from this blog

অগ্নিৰ ফান্দত

পিতৃঋণ

জামুগছ